প্ৰত্যাখ্যানৰ উপকাৰিতা আৰু অৰুণাভ কুমাৰ
“Ideas are like viruses. When experimented with and executed well, they infect people and spread like contagious fever.” অনন্য-অগতানুগতিক চিন্তাৰে সমৃদ্ধ হৈ খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষতম বিন্দুত অৱস্থান কৰিবলৈ সমৰ্থ হোৱা “দা ভাইৰেল ফিভাৰ” (The Viral Fever; TVF) নামৰ ইউ টিউব চেনেলৰ ব্যক্তিগত ৱেবচাইটত উক্ত কথাখিনি ( www.tvfmedialabs.com ) লিখা আছে ৷ ব্যতিক্ৰমী ৱেবপৃষ্ঠাখনৰ মনোগ্ৰাহী কাৰুকাৰ্যতেই তেওঁলোকৰ চিন্তাৰ কিছু আভাস পাব পাৰি ৷ ইউ টিউবৰ দৰ্শকৰ বাবে ‘দা ভাইৰেল ফিভাৰ’ (টিভিএফ) এটা নতুন নাম নহয়৷ আই আই টি খড়্গপুৰৰ প্ৰাক্তন ছাত্ৰ, আমেৰিকাৰ বায়ুসেনাৰ পৰামৰ্শদাতাৰ কাম কৰিবলৈ সুযোগ পোৱা,বিহাৰৰ যুৱক অৰুণাভ কুমাৰে শ্বাহৰুখ খানৰ ৰেড ছিলিছ এণ্টাৰটেইনমেণ্টৰ অধীনত ফাৰাহ খানৰ লগত সহযোগী পৰিচালক হিচাপে কাম কৰিছিল ৷ তাৰ পিছত তেওঁ জনপ্ৰিয় মিউজিক চেনেল এম টিভিত এটা অনুষ্ঠানত “জিনিয়াছ ডায়েৰী” অনুষ্ঠান এটাৰ নিৰ্মাণ কৰিছিল ৷ কিন্তু তেওঁ কামটোত সন্তুষ্টি নাপালে৷ তেওঁ যেনেকুৱা এটা অনুষ্ঠান কৰিব বিচাৰিছিল, এম টি ভি চেনেলটোৱে তেওঁক সেইটো কৰিবলৈ অনুমতি দিয়া নাছিল৷ অৰুণাভে ব্