সাম্প্ৰতিক সময়ৰ ভ্ৰাম্যমানৰ নাটক
যোৱা বছৰত(২০১৫ বৰ্ষত) দুটা
জনপ্ৰিয় নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰা দুখনমান নাটক চাই ভৱিষ্যতে ভ্ৰাম্যমানৰ নাটক
নাচাওঁ বুলিয়েই সংকল্পবদ্ধ হৈছিলোঁ৷ পিছে ‘দুৰ্বলতা’
আৰু ‘আশা’—এই দুয়োটাই
মিলি যোৱাবছৰৰ সেই সংকল্পটোক পৰাভূত কৰিলে৷ নাটকৰ প্ৰতি থকা ‘দুৰ্বলতা’ ; এখন ভাল নাটক চোৱাৰ ‘আশা’৷ সেয়ে গ’লোঁ, এক জনপ্ৰিয়
নাট্যগোষ্ঠীৰ এখন ‘জনপ্ৰিয়’ নাটক চাবলৈ
৷
দুদিনমান আগতে
চাই অহা এই নাটকখনে মোক দুখী কৰিলে৷ এনে এখন নাটক চাবলৈ যে ধনৰ খৰছ কৰিলোঁ, সময়ৰ খৰছ কৰিলোঁ-তাকে উপলব্ধি কৰি বেজাৰ লাগিল ৷ আজিকালি
সংলাপৰ জৰিয়তে ব্যৱসায় কৰাৰ নব্য পৰম্পৰা এটা গঢ় লৈ উঠিছে৷ কোনো বিখ্যাত চিমেণ্ট
কোম্পানী,কোনো জনপ্ৰিয় ধাৰাবাহিকৰ নাম সংলাপত সংযোজন কৰি
নাট্যগোষ্ঠীবোৰে সেই বিশেষ কোম্পানীটোৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰে৷ কিন্তু ব্যৱসায়িক
স্বাৰ্থজড়িত এই কামবোৰে সেই বিশেষ দৃশ্যকেইটাৰ উপস্থাপন কৃত্ৰিম আৰু অস্বাভাৱিক
কৰি তোলে, দৃষ্টিকটু কৰি তোলে৷ এইবোৰৰ জৰিয়তে এটা কথা প্ৰতিপন্ন
হয় - দৰ্শকক উন্নত মানৰ নাট উপহাৰ দিয়াতকৈ তেওঁলোকে কোনো ব্যৱসায়িক গোষ্ঠীক
সন্তুষ্ট কৰাতহে অধিক আগ্ৰহী৷ সেই তৃতীয় পক্ষক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নাটকৰ মান,নাটকৰ সংলাপ,নাটকীয় উপাদানৰ লগত আপোচ কৰিবলৈও
ইচ্ছুক৷ এইবোৰ হতাশাজনক কথা৷ নিজে সৃষ্টি কৰা বস্তুটোক প্ৰাণভৰি ভাল পাব নোৱৰা,
প্ৰকৃত শ্ৰদ্ধা আৰু সন্মান যাঁচিব নজনা মানুহেহে এনে কাম কৰিব পাৰে৷
অসমৰ
নাট্যগোষ্ঠীসকললৈ মোৰ বিনম্ৰ অনুৰোধ -আপোনালোকে অসমৰ ৰাইজক ভাল নাটক উপহাৰ দিয়ক৷
কিছুমান পাতল, গভীৰ দৃষ্টি নথকা নাটকীয় উপাদান
সৃষ্টি কৰি অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ গৌৰৱোজ্জ্বল বৰ্ণময় ইতিহাসক উপলুঙা কৰিবলৈ
চেষ্টা নকৰিব ৷ বৰ দোষণীয় কাম কৰা হ’ব৷ ভবেন্দ্ৰ নাথ
শইকীয়াছাৰেও নাটক লিখিছিল৷ সেৱাব্ৰত বৰুৱাইও নাটক লিখিছিল৷ হেমন্ত দত্তইও নাটক
লিখিছিল৷ তেওঁলোকৰ নাটকত আজিৰ দৰে কাৰিকৰী কৌশলৰ প্ৰয়োগ নাছিল৷ দাক্ষিণাত্যৰ ছবিৰ
আৰ্হিত একশ্যনৰ দৃশ্য নাছিল৷ তথাপিও তেওঁলোকৰ নাটক চাবলৈ দূৰ-দূৰণিৰ পৰা মানুহ
আহিছিল,দুই-তিনিটা দৰ্শনী হৈছিল৷ তেখেতসকলৰ সেইসমূহ সৃষ্টিৰ
মহত্ব স্মৰণ কৰি আজিও বহু লোকৰ মন ৰোমাঞ্চিত হৈ উঠে৷ আপোনালোকে তেনে পৰ্যায়ৰ নাটক
সৃষ্টি কৰিব নোৱাৰেনে; যিখন নাটকৰ কাহিনী,সংলাপ আৰু
অভিনয় দহ-বিশবছৰৰ পিছতো চৰ্চাৰ বিষয় হৈ
থাকিব ?
আপোনালোকৰ
নাটকসমূহত চিঞৰ-বাখৰ আৰু কোৰ্হালময় পৰিৱেশ কিয় এক অবিচ্ছেদ্য অংগ হৈ পৰিছে ? নাচ-গানৰ অত্যধিক সংযোজন কিহৰ বাবে? নাটকত
সুস্থ হাস্যৰসৰ সংযোজন কৰাত আপত্তি কি ?
দৰ্শকক হঁহুৱাবলৈ গৈ কিছুমান বিকৃত কাৰবাৰ কিয় কৰিবলৈ লৈছে?
অভিনেতাৰ দ্বাৰা কিছুমান বিকৃত আৰু অতি-নাটকীয় ভংগীমা উপস্থাপন কৰি
আপোনালোকে অসমীয়া সমাজৰ বা মানৱ-জীৱনৰ কোনটো মৌলিক সমস্যাৰ ওপৰত আলোকপাত কৰিব বিচাৰিছে?
আমাক ‘সমগ্ৰ অসমতে খলকনি তোলা’, ‘তীব্ৰ আলোড়ণ
সৃষ্টি কৰা’ নাটক লাগে৷ কিন্তু সেই আলোড়ণ তোলা নাটকবোৰ,খলকনি তোলা নাটকবোৰ ‘ভাল’ হ’ব লাগিব৷
অত্যধিক মছলাৰে
ৰন্ধা মাংসৰ তৰকাৰীখনে পেটৰ অপকাৰ কৰে৷ মাংস খোৱাৰ লোভ আৰু আঞ্জাৰ গোন্ধত
আপোনপাহৰা হৈ মাংসৰ জোলেৰে ভাত খাই থাকোঁতে খাওঁতাজনে কথাটো দকৈ উপলব্ধি নকৰে৷ খাই
উঠাৰ পিছত যেতিয়া তেওঁৰ পেটটো বিষাবলৈ আৰম্ভ কৰে,যেতিয়া তেওঁ গৈ দুদিন চিকিৎসালয়ত পৰি থাকিবলগীয়া হয় তেতিয়া তেওঁ হৃদয়ংগম কৰে
যে-তেওঁ এটা ভুল কাম কৰিলে৷ অতিপাত মছলাৰে ৰন্ধা মাংসৰ আঞ্জাখন তেওঁ খাব নালাগিছিল
৷ আপোনালোকৰ নাটকবোৰতো মছলাৰ প্ৰয়োগ অত্যধিক হৈছে৷ এতিয়া নাটকত মছলা দিব নে নিদিয়ে,
বা দিলে কিমান দিব-সেই পৰিমাণটো সোনকালে নিৰ্ণয় কৰিলে ৰাইজৰ উপকাৰ হ'ব৷ অন্যথা অত্যধিক মছলাৰে তৈয়াৰী এই নাটকবোৰ চাই চাই মানুহবোৰ এসময়ত
বেমাৰী হ’বগৈ ৷ পেটৰ নহয়
মনৰ বেমাৰী ৷ মানুহক বেমাৰী কৰাটো ভ্ৰাম্যমান থিয়েটাৰৰ লক্ষ্য আৰু উদ্দেশ্য
হ’ব পাৰে জানো ? হোৱা উচিত জানো ?
কথাবোৰ দকৈ ভাবি চাবৰ হ’ল ৷
Comments
Post a Comment