Posts

Showing posts from February, 2016

কৰিম, কৰিম বুলি ভাবি থকা কামবোৰ

Image
“Twenty years from now, you will be more disappointed by the things that you didn’t do than by  the ones you did do. So throw off the bowlines, sail away from safe harbor, and catch the trade winds in your sails.  Explore, Dream, Discover.” – Mark Twain এজন মানুহ আছিল৷ মানুহজনে প্ৰত্যেক পুৱা এখন তালিকা প্ৰস্তুত কৰে৷ বজাৰৰ পৰা কি কি কিনিব,কাৰ্যালয়ত কি কাম কৰিব,কাম কৰি ক’লৈ যাব,ঘৰৰ কোনটো সামগ্ৰীৰ মেৰামতি কৰিব-ইত্যাদি কামৰ বিষয়ে খুব চমুকৈ,দুই বা তিনিটা শব্দত লিখি দহটামান পইণ্ট প্ৰস্তুত কৰে৷ প্ৰত্যেকটো কাম সম্পন্ন কৰি উঠি সেই নিৰ্দিষ্ট পইণ্টটোৰ কাষতে শুদ্ধ চিন এটা দি থয়৷ এই মানুহজনৰ আপদীয়া পেটৰ বিষ এটা আছে৷ স্বাস্থ্য-পৰীক্ষাৰ বাবে সেয়ে তেওঁ নিয়মীয়াকৈ চিকিৎসকৰ ওচৰলৈ গৈ থাকে৷ তেনে এটা পৰীক্ষা কৰাবৰ বাবেই এদিন চিকিৎসালয়লৈ যাওঁতে চিকিৎসকৰ মুখেৰে তেওঁ গম পালে যে তেওঁৰ পাকস্থলীত কেন্সাৰ নামৰ বিষাক্ত কীটটোৱে প্ৰৱেশ কৰিছে৷ তেওঁৰ হাতত সময় আছে মাথোঁ তিনি মাহ৷ মৃত্যু অৱধাৰিত৷ এনে আষাৰ কথা শুনি মানুহজন স্বাভাৱিকতেই হতভম্ব হৈ পৰিল৷ অবাক-বিস্মিত হৈ মানুহজনে কম্পিত স্বৰেৰে

'এয়াৰলিফ্ট্'ৰ কথাৰে

সদ্যমুক্তিপ্ৰাপ্ত হিন্দী ছবি ‘এয়াৰলিফ্ট্’ত বলিউদৰ প্ৰচলিত যি নীতি অৰ্থাৎ-‘প্ৰয়োজন হওক বা নহওক; ছবিত গীত-নাচৰ সংযোজনৰে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰা’ , সেই বিশেষ নীতিটোৰ হেৰ-ফেৰ নহ’ল৷ এই কাৰবাৰবোৰ ভাল নালাগে৷ এইবোৰে কাহিনীৰ গভীৰতাত আঘাত হানে৷ ছবিখনৰ গাম্ভীৰ্য ম্লান কৰে৷ গতিশীল কাহিনীটোৰ প্ৰতি থকা উৎকণ্ঠা অন্তৰ্হিত হয়৷ অভিলেখসংখ্যক এক লাখ সত্তৰ হাজাৰ ভাৰতীয় নাগৰিকক বিমানৰ জৰিয়তে স্থানান্তৰকৰণৰ ঐতিহাসিক ঘটনাক মূল আধাৰ হিচাপে লৈ নিৰ্মিত ছবিখনৰ আনুষংগিক দিশবোৰ অৱশ্যে বেয়া নালাগিল ৷ ১৯৯০ চনত কুৱেইটত ইৰাকী সেনাৰ দ্বাৰা সংঘটিত হোৱা আক্ৰমণৰ সময়ছোৱাত এজন কুৱেইট-নিবাসী ভাৰতীয় ব্যৱসায়ীৰ মনত জাগ্ৰত হোৱা দায়িত্ববোধ, মানৱতাবোধৰ নিদৰ্শন এই ছবিখনত প্ৰতিফলিত হৈছে৷ ১৯৯০ চনৰ আগষ্টৰ প্ৰথমটো সপ্তাহত ছাদ্দাম হুছেইনৰ আৰ্শীবাদপুষ্ট ইৰাকী সেনাই কুৱেইটৰ স্থানীয় লোকৰ ওপৰত অতৰ্কিতে চলোৱা আক্ৰমণ,স্থানীয় লোকসকলৰ নিৰ্মম হত্যালীলা, টেংকৰ দ্বাৰা সুউচ্চ অট্টালিকাৰে পৰিৱেষ্টিত চহৰখনক ধ্বংসনগৰীলৈ পৰ্যবসিত কৰাৰ দৃশ্যসমূহৰ উপস্থাপন লেখত ল’বলগীয়া বিধৰ হৈছে৷ অভিনয়-শিল্পীসকলে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিছে,তাত কোনো

সাম্প্ৰতিক সময়ৰ ভ্ৰাম্যমানৰ নাটক

যোৱা বছৰত(২০১৫ বৰ্ষত) দুটা জনপ্ৰিয় নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰা দুখনমান নাটক চাই ভৱিষ্যতে ভ্ৰাম্যমানৰ নাটক নাচাওঁ বুলিয়েই সংকল্পবদ্ধ হৈছিলোঁ৷ পিছে ‘ দুৰ্বলতা ’ আৰু ‘ আশা ’— এই দুয়োটাই মিলি যোৱাবছৰৰ সেই সংকল্পটোক পৰাভূত কৰিলে৷ নাটকৰ প্ৰতি থকা ‘ দুৰ্বলতা ’ ; এখন ভাল নাটক চোৱাৰ ‘ আশা ’ ৷ সেয়ে গ ’ লোঁ, এক জনপ্ৰিয় নাট্যগোষ্ঠীৰ এখন ‘ জনপ্ৰিয় ’ নাটক চাবলৈ ৷ দুদিনমান আগতে চাই অহা এই নাটকখনে মোক দুখী কৰিলে৷ এনে এখন নাটক চাবলৈ যে ধনৰ খৰছ কৰিলোঁ , সময়ৰ খৰছ কৰিলোঁ-তাকে উপলব্ধি কৰি বেজাৰ লাগিল ৷ আজিকালি সংলাপৰ জৰিয়তে ব্যৱসায় কৰাৰ নব্য পৰম্পৰা এটা গঢ় লৈ উঠিছে৷ কোনো বিখ্যাত চিমেণ্ট কোম্পানী , কোনো জনপ্ৰিয় ধাৰাবাহিকৰ নাম সংলাপত সংযোজন কৰি নাট্যগোষ্ঠীবোৰে সেই বিশেষ কোম্পানীটোৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰে৷ কিন্তু ব্যৱসায়িক স্বাৰ্থজড়িত এই কামবোৰে সেই বিশেষ দৃশ্যকেইটাৰ উপস্থাপন কৃত্ৰিম আৰু অস্বাভাৱিক কৰি তোলে , দৃষ্টিকটু কৰি তোলে৷ এইবোৰৰ জৰিয়তে এটা কথা প্ৰতিপন্ন হয় - দৰ্শকক উন্নত মানৰ নাট উপহাৰ দিয়াতকৈ তেওঁলোকে কোনো ব্যৱসায়িক গোষ্ঠীক সন্তুষ্ট কৰাতহে অধিক আগ্ৰহী৷ সেই তৃতীয় পক্ষক সন্তুষ্ট

চাহ আৰু চাহৰ কাপ

শিক্ষাৰ্থীৰ দল এটাই তেওঁলোকৰ শিক্ষাগুৰুক এদিন দেখা কৰিবলৈ গ ’ ল৷ বহুদিনৰ মূৰত মৰমৰ ছাত্ৰসকলক লগ পাই শিক্ষকজন আনন্দত আত্মহাৰা হৈ উঠিল৷ পৰম উৎসাহেৰে তেওঁলোকে কথা পাতিবলৈ আৰম্ভ কৰিলে৷ কথা পাতি থাকোঁতে শিক্ষকজনে এসময়ত মন কৰিলে- ছাত্ৰসকলৰ বক্তব্যত আনন্দ আৰু উদ্যম ক্ৰমাৎ অদৃশ্য হৈছে আৰু তাৰ ঠাইত জীৱনৰ প্ৰতি অভিযোগ তীব্ৰতৰ হৈ পৰিছে৷ চাকৰি , ধন-সম্পত্তি , ঐশ্বৰ্য-বিভূতি , সামাজিক মৰ্যাদা-এইসকলো দিশতে অসন্তুষ্টিৰ ছাপ স্পষ্টৰূপত দেখা গৈছে৷ মনতে কিবা এটা ভাবি শিক্ষকজন বহাৰ পৰা উঠি গ ’ ল৷ ছাত্ৰস কল বহি থাকিল৷ কিছুসময়ৰ পিছত শিক্ষকজন উভতি আহিল৷ তেওঁৰ হাতত বিভিন্ন আৰ্হিৰ , নানাৰঙী কেইটামান কাপ দেখা গ ’ ল৷   তেওঁ ছাত্ৰসকলৰ সমুখৰ ঘূৰণীয়া মেজখনত কাপকেইটা থ ’ লে৷ কাপকেইটা আগত ৰাখি শিক্ষাগুৰুয়েনো নতুন কি শিক্ষা দিয়ে , তাৰে বুজ ল ’ বলৈ আটাইকেইজন ছাত্ৰ ব্যগ্ৰ হৈ পৰিল৷ কাপকেইটালৈ আঙুলিয়াই শিক্ষাগুৰুৱে ক ’ লে- “ চাহক যদি জীৱন বুলি ধৰা , তেন্তে ধন-সম্পত্তি , চাকৰি আৰু সামাজিক মৰ্যাদা-এইবোৰ হ ’ ব চাহ থ ’ বলৈ ব্যৱহৃত হোৱা একো একোটা কাপ৷ চাহ খোৱাটোহে তোমালোকৰ উদ্দেশ্য৷ কিন্তু চাহ খাবলৈ এৰি ভালতকৈও

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

দুজন নলে-গলে লগা বন্ধুয়ে দৌৰি-ঢাপলি পথাৰ এখনত খেলা-ধূলা কৰি আছিল৷ পথাৰখনৰ মাজতে এটা কুঁৱা আছিল,যিটো এই ল’ৰা দুজনে দেখা পোৱা নাছিল ৷ আপোনপাহৰা হৈ তেনেকৈ খেলি থাকোঁতেই দুৰ্ভাগ্যবশতঃ ডাঙৰ ল’ৰাজন সেই কুঁৱাটোতেই গৈ সোমাল ৷ আতংকিত হৈ আনজন ল’ৰাই তেতিয়া ইফালে-সিফালে চাবলৈ ধৰিলে-গাঁৱৰ কোনো মানুহ আশে-পাশে আছে নেকি, সিহঁতক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ কোনো ব্যক্তি ওচৰে-পাজৰে আছে নেকি৷ ল’ৰাজন নিৰাশ হ’ল৷ সেইখিনি সময়ত কোনো নৰ-মনিচ সেই ঠাইত নাছিল ৷ কিংকৰ্তব্যবিমূঢ় হৈ ল’ৰাজনে ইফালে-সিফালে চাই থাকোঁতেই অলপ আঁতৰতে সি এডাল ৰছী দেখিলে৷ সি লৰি গৈ ৰছীডাল বুটলি আনিলে৷ ৰছীডালৰ এটা মূৰ নিজৰ হাতত ৰাখি আনটো মূৰ সি কুঁৱাৰ ভিতৰলৈ দলিয়াই দিলে ৷ যিজন বন্ধুৱে কুঁৱাৰ ভিতৰত পৰি কক্‌বকাই আছিল, তেওঁ ৰছীডালৰ সহায়ত ওপৰলৈ উঠি আহিবলৈ আপ্ৰাণ চেষ্টা কৰিলে ৷ কুঁৱাৰ পাৰত থকা আনজন বন্ধুৱে দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি ৰছীডাল বাহিৰলৈ টানিবলৈ ধৰিলে৷ এইদৰে ভালেমানপৰ যুঁজ দি অৱশেষত ল’ৰাজনক কুঁৱাটোৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ এই সৰু ল’ৰাজন সমৰ্থ হ’ল৷ কিন্তু যেতিয়া ল’ৰা দুজনৰ এই খবৰটো গাঁৱৰ মানুহৰ কাণত পৰিল,তেতিয়া গাঁৱৰ মান

ভৱিষ্যৎ-বাণী -(ৰস-ৰচনা )

Image
বছৰৰ প্ৰথম সপ্তাহটো জ্যোতিষী বীৰু ইয়ঙে অতি ব্যস্ততাৰে পাৰ কৰে৷ খাবলৈ সময় নাই,শুবলৈ আহৰি নাই৷ হাটীপতি তাৰকাৰাজ্যৰ আটাইবোৰ গ্ৰহ,নক্ষত্ৰৰ গতিবিধি নিৰীক্ষণ কৰাত তেওঁ ইমানেই ব্যস্ত হৈ পৰে যে বছৰৰ প্ৰথমকেইটা নিশা তেওঁ সপোন নেদেখাকৈয়ে পাৰ কৰে বু লি ক’ব পাৰি৷ সমাজ-সেৱাৰ অন্যতম নিদৰ্শন ইয়াতকৈ আৰু কি হ’ব পাৰে ! ক’লা কোট এটা পিন্ধি,কপালত ৰঙা আঁচডাল টানি,লেপটপৰ পিছফালে  আয়তাকাৰ ষ্টিকাৰটো লগাই, ডিঙিত চাৰি-পাঁচডাল নানাৰঙী চেইন ওলোমাই অসমৰ আটাইকেইটা নিউজ চেনেলৰ চোতালে চোতালে অনাই বনাই ফুৰাটো আৰু এক ঘণ্টা ধৰি ৰাজ্যৰ ৰাজনীতি,সমাজনীতি,অৰ্থনীতিৰ ভৱিষ্যতৰ বিষয়ে ফৰফৰাই গাই থাকিব পৰাটো উলা-মূলা বিধৰ কথা মুঠেই নহয়৷ তাতে ক্ষেত্ৰভিত্তিক অধ্যয়ন তথা পুংখানুপুংখ বিশ্লেষণৰ প্ৰসংগটোও জড়িত হৈ আছে৷ ৰাহু গৈ ধুবুৰীত আছে নে শিলচৰত আছে; কেতু ট্ৰেকাৰত আহিছে নে ছুপাৰ ডিলাক্স বাছত আহিছে; শণি গৈ ইউৰেনাছ গ্ৰহৰ পিছফালে লুকাইছে নে নেপচুন গ্ৰহৰ কাষৰ কেঁকুৰিয়েদি একপাক ঘূৰি আকৌ নিজৰ স্থানলৈ ঘূৰি আহিছে; প্ৰচণ্ড জাৰৰ পৰা পৰিত্ৰাণ পাবলৈ কোনটো গ্ৰহ গৈ বুধ গ্ৰহৰ সোঁৱে-বাঁৱে লৰি ফুৰিছে - ইত্যাদি ইত্যাদি নানানটা তথ্