Posts

Showing posts from November, 2015

~সফল ব্যক্তিৰ বিফলতাৰ কাহিনী~

১)স্কুলৰ বাস্কেটবল দলটোৰ পৰা ল’ৰাজনৰ নাম কৰ্ত্তন কৰি দিয়া হৈছিল ৷ দুখত ভাৰাক্ৰান্ত হৈ ল’ৰাজন ঘৰলৈ ঘূৰি আহিল ৷ হতাশাগ্ৰস্ত হৈ তেওঁ এটা কোঠাৰ ভিতৰত সোমাল ৷ কোঠাৰ দুৱাৰ বন্ধ কৰি তেওঁ বহু পৰলৈ কান্দিলে ৷ ল’ৰাজন আছিল মাইকেল জৰ্দান ৷ ৮ বাৰৰ এন.বি.এ. চেম্পিয়ন ৷  ২)চাৰি বছৰ বয়সলৈকে ল’ৰাজনে কথা ক’ব পৰা নাছিল ৷ শিক্ষকে কৈছিল-এওঁ বহু দূৰলৈ আগুৱাই নাযাব ৷ ল’ৰাজনে পাছলৈ ন’বেল বঁটা পাইছিল ৷ তেওঁ আছিল এলবাৰ্ট আইনষ্টাইন ৷ ৩)নিউজ এংকৰৰ চাকৰিৰ পৰা তেওঁক আঁতৰোৱা হৈছিল কাৰণ কতৃপক্ষই ভাবিছিল-তেওঁ টেলিভিছনত কাম কৰাৰ যোগ্য নহয় ৷ তেওঁৰ মুখখন টেলিভচনৰ লগত খাপ নাখায়৷ সেইয়া আছিল- অ’প্ৰা উইনফ্ৰে’ ৷ বিশ্বৰ ক্ষমতাশালী মহিলাসকলৰ ভিতৰত অন্যতম, একাধিকবাৰ পুৰস্কাৰ পোৱা এটা টিভি অনুষ্ঠানৰ  পৰিৱেশিকা৷ ৪)তেওঁক বাতৰি কাকতৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল ৷ মালিক পক্ষৰ অভিযোগ- মানুহজনৰ কল্পনা শক্তিৰ অভাৱ ৷ তেওঁৰ নিজস্ব ধাৰণা নাই ৷  সেই মানুহজন আছিল ৱাল্ট ডিজনী ৷  মিকি মাউচৰ স্ৰষ্টা আৰু ২২ টা একাডেমী পুৰষ্কাৰ বিজয়ী ৷ ৫)১১ বছৰীয়া ল’ৰাজনক স্কুলৰ দলটোৰ পৰা বাদ দিয়া হৈছিল ৷ কাৰণ, হৰ’মনৰ অভাৱৰ বাবে ল’ৰ

নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ

ধৰি লওক,আপুনি এখন গ্ৰন্থ লিখি আছে৷ প্ৰায় এটা বছৰৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যয়নৰ অন্তত লিখি উলিওৱা ৫০০ পৃষ্ঠাৰকিতাপখনআপুনি আজি পুৱা কম্পিউটাৰৰ এঠাইত‘চেভ্’ কৰি থৈছিল৷ আবেলি কম্পিউটাৰটো ‘অ’ন্’ কৰি আপুনি হতবাক হৈ পৰিল৷ কাৰণ, পুৱা কম্পিউটাৰত ‘চেভ্’ কৰি ৰখা আপোনাৰ সেই গ্ৰন্থখন এতিয়া আগৰ ঠাইত নাই৷ লৰালৰিকৈ আপুনি গোটেই দ্ৰাইভকেইটাতেফাইলটো তন্ন-তন্নকৈ বিচাৰিলে৷ কিন্তু ক’তোৱেই গ্ৰন্থখনৰ এটা পৃষ্ঠাও উদ্ধাৰ কৰিব নোৱাৰিলে৷ এতিয়া আপুনি কি কৰিব ! চিঞৰি-বাখৰি কান্দিব ? অ’তদিনৰ সকলো কষ্ঠ অথলে গ’ল ভাবি একো নোখোৱা-নোবোৱাকৈ দুদিন-দুৰাতি বিচনাতে পৰি থাকিব?পূৰ্বৰ ভাষা,অলঙ্কাৰ অবিকল উপস্থাপনেৰে পাঁচশ পৃষ্ঠাৰ সেই কিতাপখন পুনৰবাৰ লিখি উলিয়াবলৈ যিমানখিনি মানসিক শক্তিৰ আৱশ্যক,সিমানখিনি মানসিক শক্তিৰ যোগাৰ কৰিব পৰাৰ সামৰ্থ আপোনাৰ হ’ব নে? কাৰ্লাইল নামৰ মানুহজনে যেতিয়া‘ফ্ৰেন্স ৰিভ’লিউচন’ৰ প্ৰথম খণ্ডটো লিখি আছিল,সেই সময়ৰ কথা৷ প্ৰথম খণ্ডটো লিখি উলিওৱাৰ পিছত তেওঁ পাণ্ডুলিপিটো জন ষ্টুৱাৰ্ট মিল নামৰ বন্ধুজনক পঢ়িবলৈ দিছিল৷ (আচলতে মিলকহে ফ্ৰেন্স ৰিভ’লিউচনখন লিখাৰ দায়িত্ব দিয়া হৈছিল৷ কিন্তু ষ্টুৱাৰ্ট মিল  অইন কামত ব্যস্ত হৈ

“অৰুণিমা সিনহা”ৰ কথাৰে

“অৰুণিমা সিনহা” ১১ এপ্ৰিল,২০১১ চন৷ দিল্লীত অনুষ্ঠিত হ’বলগীয়া এখন ক্ৰীড়া-কৰ্মশালাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এগৰাকী ২৩ বছৰীয়া যুৱতীয়ে ৰে’লেৰে যাত্ৰা কৰি আছিল৷ সেই যাত্ৰাকালতেসংঘটিত হৈছিল যুৱতীগৰাকীৰ জীৱনৰ আটাইতকৈ অনাকাংক্ষিত ঘটনাটো৷ যাত্ৰাপথত কেইটামান চোৰ আহি সেই দবাটোতে উঠিছিল৷ চোৰকেইটাই যুৱতীৰ ডিঙিৰ চেইন আৰু বেগটো কাঢ়ি নিবৰ বাবে যুৱতীৰ লগত টনা-আঁজোৰাত লিপ্ত হ’ল৷ যুৱতী আৰু চোৰৰ দলটোৰ মাজত হোৱা প্ৰচণ্ড হতাহতিত যুৱতীগৰাকীয়ে এটা চোৰক আঘাতপ্ৰাপ্ত কৰিলে৷ কিন্তু সিহঁতৰ পাশৱিক হাতকেইখনৰ সমুখত যুৱতীৰ শক্তি অধিক সময়নিটিকিল ৷ যুৱতীক উপৰ্যুপৰি আক্ৰমণ কৰিয়েই সিহঁত ক্ষান্ত নাথাকিল৷ বিৱেকহীন চোৰকেইটাই যুৱতীক ধৰি চলন্ত ৰে’লৰ দবাৰ পৰা বাহিৰলৈ নিক্ষেপ কৰিলে৷ প্ৰায় সাতটা ঘণ্টা যুৱতীগৰাকী ৰে’ল আলিত অচেতন হৈ পৰি থাকিল৷ তেওঁৰ বাওঁভৰিখন ৰে’লৰ ট্ৰেকৰ মাজত বিপদজনকভাৱে আৱদ্ধ হৈ ৰ’ল৷ কোনোপধ্যেই ভৰিখন তেওঁ মুক্ত কৰিব নোৱাৰিলে৷ সেইনিশা তেওঁৰ বাওঁভৰিৰ ওপৰেদি ৪৯ খন ৰে’লগাড়ী পাৰ হৈ গৈছিল৷পুৱা ওচৰেৰে গাঁৱৰ কেইজনমানে যুৱতীক সেই অৱস্থাত উদ্ধাৰ কৰিলে আৰু নিকতৱৰ্তী চিকিৎসায়ললৈ লৈ গ’ল৷ যুৱতীৰ অৱস্থা অধিক বেয়াৰ ফাললৈ

চাৰিডাল মমৰ কাহিনী

এটা কোঠাত চাৰিডাল মম জ্বলি আছিল৷ প্ৰথম মমডালে ক’বলৈ আৰম্ভ কৰিছে-“মই শান্তি৷ পিছে ,পৃথিৱীখন এতিয়া যুঁজ-বাগৰ আৰু খং-ক্ৰোধেৰে ভৰি পৰিছে৷ চাৰিওফালে কেৱল হিংসা-হিংসি,মাৰ-পিট আৰু হুলস্থুল৷ সেইবোৰ দেখি মোৰ বেজাৰ লাগিছে৷ মই জ্বলি থকাটো উচিত হোৱা নাই৷” কথাষাৰ কৈ মমডাল নুমাই গ’ল৷ তাৰপিছত দ্বিতীয়ডাল মমে ক’বলৈ ধৰিছে-“মই বিশ্বাস৷ কিন্তু এইখন পৃথিৱীত মোৰ এতিয়া গুৰুত্ব বহুপৰিমাণে কমি গৈছে৷ পৰস্পৰে পৰস্পৰক বিশ্বাস নকৰা হৈছে৷ বিশ্বাসী মানুহতকৈ এতিয়া বিশ্বাসঘাতকৰ সংখ্যা বাঢ়িছে৷ অতএব মই জ্বলি থকাৰো কোনো অৰ্থ নাই৷” মুহূৰ্ততে দ্বিতীয়ডাল মমো নুমাই গ’ল৷ তৃতীয়ডাল মমে তেতিয়া দুখেৰে ক’বলৈ আৰম্ভ কৰিলে-“মোৰ নাম ভালপোৱা৷ কিন্তু,মানুহে মোৰ প্ৰয়োজনীয়তা আজিকালি অনুভৱ নকৰা হৈছে৷ তেওঁলোকে মোক সম্পূৰ্ণভাৱে পৃথক কৰিছে৷ তেওঁলোকে আনকি তেওঁলোকৰ আশে-পাশে থকা মানুহখিনিকো ভাল নোপোৱা হৈ আহিছে৷ মইনো জ্বলি থাকো কিয় !” এইবুলি কৈয়েই অধিক সময় ব্যয় নকৰি তৃতীয়ডাল মমো নুমাই গ’ল৷ তেনেতে কোঠাটোলৈ সৰু ল’ৰা এটা সোমাই আহিল আৰু নুমাই থকা মমকেইডাল দেখি বৰ দুখ পালে৷ “তোমালোক কিয় নজ্বলা ! তোমালোক দেখোন শেষ মুহূৰ্তলৈকে জ্বলি থকাৰ

“আৰোহী”ৰ কথাৰে

ছবিৰ কাহিনীৰ বিষয়-বস্তু অতি স্পৰ্শকাতৰ আছিল যদিও উপস্থাপন সিমান এটা সবল নহ’ল৷ চন্দনা শৰ্মাৰ অভিনয়ত কোনো জথৰতা চকুত নপৰিল যদিও পিতৃৰ চৰিত্ৰ ৰূপায়ন কৰা ৰাগ ঐনিতম কেতবোৰ ভাৱ-ভঙ্গী মোৰ কৃত্ৰিম যেন লাগিল ৷ কণমানি স্ববনমৰ অভিনয়ে মন মোহিলে ৷ অৱশ্যে আৰু কিছু অনুশীলনৰ প্ৰয়োজন থকাৰ কথাটো নুই কৰিব নোৱাৰি ৷ ছবিৰ শেষত কণমানি ভায়’লিনাই প্ৰমাণ-পত্ৰখন লৈ নদীৰ পাৰলৈ দৌৰ মাৰে যিটো মোৰ মতে অবাস্তৱ যেন লাগিল ৷ তাৰ ঠাইত মাক-দেউতাকৰ কাষলৈ তাই লৰি যোৱা দৃশ্যটোকে পৰিচালকে খুব সুন্দৰকৈ উপস্থাপন কৰিব পাৰিলেহেতেন৷ পাপাৰ ঠাইত দেউতা, ব্ৰিঞ্জলৰ ঠাইত বেঙেনা আদি অসমীয়া শব্দবোৰ কাহিনীৰ সংলাপত ব্যৱহাৰ কৰিলে ছবিখন অসমীয়া ছবি যেন লাগে৷ ছবিত দেখুওৱা হৈছে-এগৰাকী ইংৰাজী শিক্ষকে শ্ৰেণীত ইংৰাজী পঢ়াইছে৷ পাঁচ-সাত মিনিটমান তেওঁ কেৱল ছাত্ৰ-ছাত্ৰীৰ লগত ইংৰাজীতেই কথোপকথন কৰে৷ যিটো দৃশ্য মোৰ বোধেৰে সমাজৰ ইংৰাজী ভাষা নাজানা শ্ৰেণীটোৰ বোধগম্য নহ’ব৷ সমাজৰ সকলো স্তৰৰ মানুহৰ বাবে এইখন ছবি হয় নে নহয়-ছবিখনৰ সেই দৃশ্যটো চাই উঠি মোৰ মনলৈ প্ৰশ্নটো আহিল৷ এইখিনিত কাহিনীকাৰে কিছু বুদ্ধিমত্তাৰ পৰিচয় দিব লাগিছিল ৷ কাহিনীৰ ক্লাইমেক্সে সমাজলৈ এট

“হয়”

“হয়” “বাদাম খাই বাকলিবোৰ মই বাছৰ ভিতৰতে পেলাব পাৰোঁ নাইবা নিজৰ বেগৰ ভিতৰত ভৰাই থব পাৰোঁ৷ মই কোনটো কাম কৰিম? মোৰ আগে আগে গৈ থকা মানুহজনৰ পকেটৰ পৰা মানিবেগটো পৰি গ’ল৷ মই সেইটো তুলি লৈ তেওঁক ঘূৰাই দিব পাৰোঁ৷ নাইবা তেওঁ গম নোপোৱাকৈ সেইটো লৈ থব পাৰোঁ৷ মই কোনটো কামক “হয়” বুলিম? ল’ৰা এটাই কবিতা এটা লিখিলে ৷ মই সেইটো পঢ়ি “একেবাৰে বেয়া হৈছে৷” বুলি ক’ম নে “সুন্দৰ হৈছে ৷ আৰু ভালকৈ লিখিবলৈ চেষ্টা কৰাচোন৷” বুলি ক’ম?” “হয়” অথবা “নহয়”-এই দুয়োটা বিকল্পৰ ভিতৰত আমি যিকোনো এটাকহে নিৰ্বাচন কৰিব পাৰোঁ৷ অতি কম সংখ্যক ব্যক্তিয়েহে এই বিষয়ে সঠিক সিদ্ধান্ত ল’ব পাৰে৷ সমস্যা আৰু সংগ্ৰামেৰে ভৰপূৰ এই পৃথিৱীখনত সেইসকল ব্যক্তিহে আগুৱাই যাব পাৰে,যিসকল ব্যক্তিয়ে সঠিক সময়ত ‘হয়’ বুলিব পাৰে৷ ক’ত,কেতিয়া,কেনেকৈ ‘হয়’ বোলা উচিত-এই সম্বন্ধে আমাৰ মনত জমা হোৱা অনেক বিভ্ৰান্তিৰ পৰা মুক্ত হৈ আত্মবিশ্বাস আৰু প্ৰচুৰ উদ্যমেৰে জীৱনৰ বাটত আগুৱাই যোৱাৰ বাটত সহায়ক হ’বলৈ বাংলা সাহিত্যৰ বিশিষ্ট লেখক ড. পাৰ্থ চট্টোপাধ্যায়ৰ“হয়” নামৰ চমৎকাৰী গ্ৰন্থখন আমি সকলোৱে হাতত তুলি লোৱা উচিত৷জীৱনত কেতিয়া আমি ‘হয়’ বুলিব লাগে আৰু কেতিয়া ‘নহয়’ বু

“Why do we fall?” ( আমি কিয় পৰোঁ ?)

হলিউডৰ “বেটমেন বিগিনচ্” নামৰ জনপ্ৰিয় ছবিখনৰ শেষৰফালে নায়ক“ব্ৰুচ”ৰ বিশাল অট্টালিকাটো ছবিৰ খলনায়কৰ আক্ৰমণতসম্পূৰ্ণৰূপেবিধ্বস্তহয়আৰুসেইধ্বংসলীলাচাইউঠিছবিৰনায়কৰমন - প্ৰাণ সম্পূৰ্ণৰূপেভাগিপৰে৷ চৰমহতাশাতভুগিনায়কেতেওঁৰবিশ্বস্তসহকাৰীআলফ্ৰেডক কয়-“........ I wanted to save Gotham. I failed. ” ৷ক্ষন্তেকনিৰৱতাঅৱলম্ৱণকৰিযোগাত্মকদৃষ্টিভংগীসম্পন্নআলফ্ৰেডেনায়কব্ৰুচকপ্ৰশ্ন কৰিলে - “why dowe fall, Sir? ৷ আৰু তাৰ উত্তৰত তেওঁ নিজেই কৈ উঠিল- “……So that we can learn to pick ourselves up” ৷কেনে এটা অবিস্মৰণীয় সংলাপ ! সৰুতে চাইকেল চলাবলৈ শিকোঁতে বহুবাৰ চাইকেলৰ পৰা পৰিছিলোঁ৷ অকল ময়েই নহয়,আমি সকলোৱে পৰোঁ৷ এবাৰ চাইকেলৰ পৰা পৰিলোঁ ৷ ক্ষতস্থানত দৰব-পাতি সানি পুনৰ পিছদিনা চাইকেল চাইকেলখন বাহিৰলৈ উলিয়াই আনো৷ দেউতাই চাইকেলখন পিছফালৰ পৰা ধৰি থাকে আৰু কয় “চলা৷ মই ধৰি আছোঁ৷” এইবাৰ দুগুণ উৎসাহেৰে চাইকেল চলাবলৈ লওঁ৷ দেউতাই ধৰি থকালৈকে ঠিকেই চলালো৷ এৰি দিয়াৰ পিছমুহূৰ্ততে পুনৰবাৰ চাইকেলৰ পৰা পৰিলোঁ৷ আকৌ দুদিন বিশ্ৰাম ৷ তৃতীয়দিনা পুনৰ চাইকেল লৈ চোতালত হাজিৰ৷ সেইদিনা নেৰানেপেৰা চেষ্টা কৰিলোঁ৷ চাইকেলৰ হাফ-পেডেল মাৰি মাৰি গ