Posts

Showing posts from September, 2015

ষ্টিফেন হকিং

ল’ৰাজনৰ বয়স তেতিয়া একৈছ বছৰ৷ চিকিৎসকে ঘোষণা কৰিলে ল’ৰাজন ‘মটৰ নিউৰণ’ নামৰ ৰোগটোত আক্ৰান্ত৷ আৰু মাত্ৰ দুই-আঢ়ৈ বছৰৰ পিছতেই তেওঁৰ মৃ্ত্যু নিশ্চিত৷ সাধাৰণ পানী লগা জ্বৰতেই কাৰ্যালয়ৰ পৰা ছুটি লৈ দুদিন-দুৰাতি বিচনাৰ পৰা নামি নহা আমাৰ দৰে মানুহে হয়তো চিকিৎসকৰ মুখত তেনে এষাৰ কথা শুনি ঠাইতে মূৰ্চা যাম আৰু বাকী থকা দিনকেইটা উদাস,বিষণ্ন হৈ কটাই মৃত্যুৰ বাবে অপেক্ষা কৰি থাকিম৷ কিন্তু সেই ল’ৰাজন সাধাৰণ নাছিল৷ তেওঁৰ অসাধাৰণ জীৱন-সংগ্ৰামে পৃথিৱীৰ লক্ষ-লক্ষ মানুহৰ বিলাইছে অনুপ্ৰেৰণাৰ বাণী,শিকাইছে জীৱনক ভাল পাবলৈ৷ ক্ৰমাৎ ল’ৰাজনৰ শৰীৰৰ প্ৰায়বোৰ অংগই অকামিলা হৈ পৰিল,বাক্ শক্তি হেৰুৱালে,দেহটো লৰচৰ কৰিব নোৱাৰা হ’ল৷ মুখলৈ আহাৰ নিবলৈও অশেষ কষ্ট কৰিব লাগে৷ মাৰাত্মক ৰোগটোৱে তেওঁৰ শৰীৰৰত্ মাত্ৰ দুটা আঙুলিহে কাৰ্যক্ষম অৱস্থাত ৰাখিলে৷ তথাপিও জীয়াই থকাৰ হেঁপাহ৷ পৃথিৱীখনক কিবা এটা দি যোৱাৰ অদম্য হাবিয়াস৷  চলা-ফুৰাৰ সুবিধাৰ বাহেতু তেওঁক বৈদ্যুতিক হুইল চেয়াৰ এখনৰ যোগান ধৰা হ’ল ৷ মানুহৰ লগত ভাৱৰ আদান-প্ৰদান কৰিবলৈ সাজি উলিওৱা হ’ল এক বিশেষ যন্ত্ৰৰ৷ কাৰ্যক্ষম অৱস্থা থকা দুটা আঙুলিৰ সহায়েৰে তেওঁ সেই যন্ত্ৰটো পৰিচালনা

“বোমাতংক”

ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ অন্তিম বৰ্ষৰ অন্তিম ছেমিষ্টাৰৰ দুজন ছাত্ৰ৷ বেলতলাৰ পদপথেৰে খৰ খোজেৰে দুয়ো আগবাঢ়িছে৷  এজনৰ হাতত চাৰিচুকীয়াকাঠৰ সৰু বাকচ এটা৷ তেনেতদৰে কিছুদূৰ যোৱাৰ পাছতহোটেল এখনৰ সমুখত দুয়োৰে খোজৰ গতি‘শূন্য কিলোমিটাৰ প্ৰতি ঘণ্টা’লৈ পৰ্যবসিত হ’ল৷ হোটেলখনলৈ দুয়োজন সোমাই গ’ল৷ “অ’ দাদা ! এইফালে দুটা চিংৰা আৰু দুটা স্পেচিয়েল চাহ দিব৷ লগত চ’চ দিব৷ চিলি চ’চ৷টমে’ট’নালাগে৷ আৰু আম-চামৰ কিবা আচাৰ আছে নে ? তাৰো দুচকল দিব৷ ঐ , বহ৷ ”- লগৰজনক বহিবলৈ নিৰ্দেশ দি টেবলুৰ তলৰ পৰাক্ষীণ-মিন ল’ৰাজনে প্লাষ্টিকৰ চকী এখন টানি উলিয়াই আনিলে৷ “সোনকালে কৰিব দাদা৷”- অ’ৰ্ডাৰ লোৱা ল’ৰাজনক কথাটো কৈ, কঢ়িয়াই অনা কাঠৰ বাকচটো চকীখনৰ তলত থৈ,শকত-আৱত আনজনে টেবুলত থকা ঝাৰটোৰ পৰা পানী অলপ গলাধঃকৰণ কৰিলে৷ তাকে কৰোঁতে চোলাটোত পানীৰ টোপালদুটামান পৰিল৷ টোপালকেইটা মচি তাৰ পিছত সমুখত থকাজনৰ চকুলৈ চাই তেওঁ ক’লে- “পৰহিলৈ প্ৰজেক্টৰ ডেম’৷ আৰু এতিয়ালৈকে আমি প্ৰ’গেমটোৱেই বিচাৰি পোৱা নাই৷ মাইক্ৰকন্ট্ৰলাৰ প্ৰজেক্টডাল লৈ ব’ম বাঁহ খাই আছোঁ ৷ ধুৰৰ !! কিহে পাইছিল এইডাল ল’বলৈ !” ঘূৰণীয়া টেবুলখনত কোমল ঢকা এটা মাৰি পুনৰ তেওঁ ক

দশৰথ মাঝি

দশৰথ মাঝি বিহাৰৰ গয়া জিলা৷ গয়াৰে এখন অল্পখ্যাত ঠাই গেহলোৰ ৷অতি পিছপৰা এই ঠাইখণ্ডৰে বাসিন্দা আছিল দশৰথ মাঝি আৰু তেওঁৰ পত্নী ফাল্গুনী দেৱী৷দশৰথ মাঝিৰ গাওঁখনতে এটা শিলৰ পাহাৰ আছিল৷ পাহাৰটোৰ সিপাৰে থকা চহৰাঞ্চলপাবলৈ গাঁওবাসীয়ে পাহাৰটোৰ কাষে কাষে এক দুৰ্গম,বিপদসংকুল আৰু দীঘলীয়া পথ অতিক্ৰম কৰিব লগাত পৰিছিল৷ বেমাৰ-ব্যাধিত পৰা গাঁৱৰ কোনো ব্যক্তিক চহৰলৈ লৈ যাবলৈ প্ৰায় ৭০ কিলোমিটাৰৰ সূদীৰ্ঘ পথ খোজ কাঢ়িব লগীয়া হৈছিল৷ কেতিয়াবা এনেকুৱাও হৈছিল যে-সংকটজনক অৱস্থাত কোনো ৰোগীক দুৰ্গম পথছোৱাৰে কঢ়িয়াই নিওতে বাটতে ৰোগীয়ে শেষ নিস্বাস ত্যাগ কৰিছে৷ কোৱাটো বাহুল্য মাথো যে, শিলৰ পাহাৰটোৰ বাবেই গাঁৱৰ বহুকেইগৰাকী ব্যক্তিয়ে অকাল মৃত্যুক সাবটি ল’বলগীয়া হৈছিল৷ এই শিলৰ পাহাৰটোৱে এদিন কাল হৈ দেখা দিলেদশৰথ মাঝিৰ পত্নী ফাল্গুনীৰ জীৱনত৷ পাহাৰৰ শিলাময় পথচোৱা অতিক্ৰম কৰি থাকোতেই শিলত উজুটি খাই ফাল্গুনী বাগৰি পৰে আৰু চিকিৎসাৰ মুখ নেদেখাকৈয়েসকৰুণ মৃত্যুৰ লগত আলিংগন কৰিবলৈ বাধ্য হয়৷ প্ৰিয়তমা পত্নীৰ বিয়োগে দশৰথ মাঝিৰ অন্তৰাত্মাক গভীৰভাৱে জোকাৰি গ’ল৷নিয়তিৰ কুটিলতম ষড়যন্ত্ৰৰ বলি হৈ আঁতৰি যোৱা ফাল্গুনীৰ অবৰ্তমানমাঝিৰ বা

“ফিলিং ব্লেছড্”

বাপেকৰ পুৰণা ধূতি এখনৰ মাজতকঁকালৰ পৰা আঁঠুলৈকে- শৰীৰৰ এই অংশভাগ সোমোৱাই ল’লে স্বাধীন অসমৰ চফল ডেকা বৈভৱে৷ ডিঙিৰ পৰা কঁকালৰ অংশচোৱা ঢাকিলে বগা টি-শ্বাৰ্ট এটাৰে৷ টি-শ্বাৰ্টৰ নাম- “আই এম দা হেণ্ডছাম বয় ইউৰ গাৰ্লফ্ৰেণ্ড ইজ চাৰ্চিং ফৰ”৷ ফটোখন এডিটিং কৰি ডেকা ভকত কুমাৰ বৈভৱে ফে’চবুকত আপলোডালে৷ ওপৰত লিখিলে-‘কৃষ্ণ ! ওলালোঁ আৰু দেই ৷ লাভ ইউ অল ! ” স্বাভাৱিকতেই, বৈভৱৰ নতুন অৱতাৰে ফে’চবুকত সমাদৰ লাভ কৰিলে৷ লাইক,কমেন্টৰ বৰষুণজাকো ফে’চবুকৰ পথাৰত পৰিবলৈ বেছি সময় নালাগিল৷ সাধাৰণতে এইকণ সময়ত কলেজীয়া ডেকা বৈভৱে বাইকত উঠি দিহিঙে-দিপাঙে ঘূৰি ফুৰে৷ এৰাল ছিগা গৰুটোৰ দৰে দুনীয়াখনতে পিটপিটাই ফুৰি ভাত খোৱা পৰতহে ঘৰ  আহি সোমাইহি৷ পিছে আজিৰ কথাটো অলপ সুকীয়া৷ জীৱনত কোনোদিনে নকৰা কাম এটা কৰিবলৈ আগবাঢ়িছে কলেজীয়া ডেকা বৈভৱ৷ ঘৰৰ অপায়-অমংগল নিৰ্মূলৰ অৰ্থে মাকে নামঘৰত আজি শঁৰাই এভাগ আগবঢ়াইছে৷ বাপেকে যোৱাৰ পৰত বাৰম্বাৰ নামঘৰলৈ যাবলৈ কৈ থৈ গৈছে৷ নহ’লে মাহেকীয়া দৰমহা অৰ্থাৎ,’পকেটমানি’ পয়সত্তৰ শতাংশ হ্ৰাস হোৱাৰ আশংকা আছে ৷ বাপেকৰ তৰ্জন-গৰ্জন শুনি বৈভৱ অৱশেষত নামঘৰলৈ যাবলৈ বাধ্য হ’ল৷ ফটোত লাইক,কমেণ্টৰ সংখ্যাত চ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

Image
এটা ল’ৰা আৰু এজোপা আপেল গছ বহু সময়ৰ আগৰ কথা ৷ ৰূপনগৰ নামে এখন গাৱঁত এজোপা আপেল গছ আছিল ৷  গছজোপা অতি প্ৰকাণ্ড আছিল আৰু তাৰ আপেলবোৰ অতি মিঠা আছিল৷ সেই গাওঁখনৰে এটা সৰু ল’ৰা সদায় সেই গছজোপাৰ তলত খেলিবলৈ আহিছিল ৷ ল’ৰাটোৰ নাম আছিল ধীৰু ৷ ধীৰুৱে গছজোপাৰ ডালে-ডালে বগাই ফুৰিছিল, ফলবোৰ ছিঙি খাইছিল আৰু ভাগৰ লাগিলে গছজোপাৰ ছাঁত জিৰাইছিল৷ গছজোপাইও ধীৰুক খুউব মৰম কৰিছিল ৷ দুয়োজন অতি পৰম বন্ধু আছিল৷ লাহে লাহে সৰু ল’ৰাটো ডাঙৰ হ’ল ৷ তাৰ ঢেৰ বন্ধু-বান্ধৱী গোট খালে৷ খেলাৰ নতুন সংগী পাই সি তাৰ পুৰণা বন্ধুক পাহৰি পেলালে৷ সি আগৰদৰে গছজোপাৰ কাষলৈ নোযোৱা হ’ল৷ গছজোপাৰ লগত নেখেলা হ’ল ৷ তেনেকৈয়ে কিছু দিন পাৰ হ’ল৷ ধীৰুক বহুদিন দেখিবলৈ নাপাই গছজোপাইও বৰ বেজাৰ কৰি থাকে৷ হঠাতে এদিন ধীৰু  আপেল গছজোপাৰ কাষলৈ আহিল ৷ তাৰ মুখত গভীৰ দুখৰ ছাপ আছিল৷ মনটো মৰা আছিল৷ সেইসময়ত আকৌ গছ-গছনি আৰু চৰাই-জন্তুয়েও মানুহৰ দৰে কথা-বতৰা পাতিব পাৰিছিল৷ এই আপেল গছজোপাইও কথা ক’ব পাৰিছিল৷   ধীৰুক বহুদিনৰ মূৰত সমুখত দেখি গছজোপাই কোমলকৈ মাত লগালে, “আহা,মোৰ লগত খেলাহি ৷” “মই এত