Posts

Showing posts from August, 2015

হলিউদৰ চাইক, ; দাক্ষিণাত্যৰ ছবি আৰু শইকীয়াছাৰৰ ছবি

চাইক’- ১৯৬০ চনত মুক্তি লভা আলফ্ৰেড হিচককে পৰিচালনা কৰা “চাইক’ (Psycho) আছিল এখন উচ্চ-পৰ্যায়ৰ থ্ৰিলাৰ-হ’ৰৰ ছবি৷ চাইক’ এখন ক’লা-বগা ছবি আছিল ৷ তাৰ মুখ্য কাৰণ দুটা৷ প্ৰথমটো কাৰণ-আৰ্থিক৷ ছবিখন নিৰ্মাণ কৰিবলৈ অতি কম বাজেট ধাৰ্য কৰা হৈছিল৷ ছবিখনৰ এটা বিশেষ দৃশ্য দৰ্শকৰ বাবে অত্যন্ত ভয়ংকৰ আৰু বিভৎস হৈ পৰাৰ শংকাই হিচককক চিন্তাত পেলাইছিল৷ ছবিখন যাতে দৰ্শকৰ বাবে অত্যন্ত দৃশ্যকটু নাইবা বিকৃত হৈ নুঠে, আৰু নায়িকাৰ দেহৰ পৰা পিৰপিৰাই ওলোৱা তেজৰ ৰঙা ৰঙে দৰ্শকৰ মনত যাতে বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে সেই কথা ভাবিয়েই হিচক’কে ছবিখন ক’লা-বগা কৰিবলৈ মন বান্ধিছিল৷ ছাইক’-সম্পৰ্কীয় কথাখিনি মই পাইছিলোঁ সৌৰভ কুমাৰ চলিহাৰ ‘জোনবিৰি’ শীৰ্ষক কিতাপখনত৷ এতিয়া কিতাপখন লগত নথকাত ৱিকিপেডীয়া খুলি অলপ তথ্যানুসন্ধান কৰিব লগা হ’ল৷ দাক্ষিণাত্যৰ ছবি- বছৰৰ কোনোবা এটা দিনত বাহুবলী চাবলৈ যোৱা দৰ্শকজনৰ মনত বাহুবলীৰ যুদ্ধৰ কটা-মৰা দৃশ্যবোৰে বৰ এটা গভীৰ প্ৰভাৱ নেপেলাব পাৰে৷ কিন্তু বছৰৰ অধিকাংশ সময়েই টিভিৰ সমুখত বহি দিনটোত দুখনকৈ দাক্ষিণাত্যৰ ছবি চোৱা(যিবোৰ ছবি হত্যা-হিংসা আৰু প্ৰতিশোধৰ ভাৱনাৰে পৰিপূৰ্ণ হৈ থাকে) দৰ্শকজনৰ মনোজগতত যে এই