গুণৰ বাবে সংখ্যাও দৰকাৰী
চিত্ৰকৰ আৰু ভাস্কৰ্যশিল্পী পাবলো পিকাছোৰ মুঠ সৃষ্টিৰ সংখ্যা ১,৪৭,৮০০৷ তাৰে ১৩,৫০০ খন চিত্ৰ৷ কবি এমিলি ডিকিনছনে জীৱনত লিখা মুঠ কবিতাৰ সংখ্যা প্ৰায় ১,৮০০ ৷ চৈয়দ আব্দুল মালিকৰ বিশাল সৃষ্টিৰাজিত প্ৰায় ২,০০০ গল্প, ৭০খনতকৈও উপন্যাস অন্তৰ্ভুক্ত৷ সংখ্যাৰ ফালৰ পৰা ড০ ভূপেন হাজৰিকাৰ সৃষ্টিও কম নহয়৷ তেখেতে শতাধিক গীত লিখিছে, ৰচিছে, সুৰ কৰিছে৷ হীৰুদাইও লিখিছে বহুসংখ্যক কবিতা৷ সৃষ্টি একোটা উৎকৃষ্টতাৰ শাৰীত তেতিয়াহে উপনীত হয়, যেতিয়া তাৰ লগত 'অভ্যাস' জড়িত হৈ থাকে৷ আৰু বহুক্ষেত্ৰতে 'অভ্যাস'ৰ এটা সমাৰ্থক হৈছে -'সংখ্যা'৷ অৰ্থাৎ এগৰাকী ব্যক্তিয়ে কিমান সৃষ্টি কৰিছে? কেতিয়াবা একোটা 'শ্ৰেষ্ঠ সৃষ্টি'ত উপনীত হ'বলৈ কেবাটাও ভাল/কম ভাল/সাধাৰণ পৰ্যায়ৰ সৃষ্টিৰ পৰ্যায় অতিক্ৰম কৰিবলগীয়া হয়। অৰ্থাৎ চাবলৈ গ'লে, শ্ৰেষ্ঠত্বও এক পৰ্যায়ক্ৰমিক অনুশীলনহে। আমাৰ কিছুসংখ্যক আলোচনাত 'সংখ্যাগত দিশ'টোক নেতিবাচক দৃষ্টিৰে চায়৷ কিছুসংখ্যকে সংখ্যাগত দিশতকৈ গুণগত দিশটোকহে অগ্ৰাধিকাৰ দিয়ে৷ কিন্তু, সমালোচনাৰ এই ধাৰণাটো সদায়েই শুদ্ধ নহয়৷ সংখ্যাগত দিশটো আচলতে সেই ব্যক্তিগৰাকীৰ অভ্যাস